সমললৈ যাওক

বিনোৱা ভাৱে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰিণ্ট কৰাযোগ্য সংস্কৰণ এতিয়া আৰু সমৰ্থিত নহয় আৰু ৰেণ্ডাৰিং ত্ৰুটি থাকিব পাৰে। অনুগ্ৰহ কৰি আপোনাৰ ব্ৰাউজাৰৰ বুকমাৰ্কসমূহ আপডেট কৰক আৰু অনুগ্ৰহ কৰি ইয়াৰ পৰিৱৰ্তে ডিফ'ল্ট ব্ৰাউজাৰ প্ৰিণ্ট ফাংশ্যন ব্যৱহাৰ কৰক।
আচাৰ্য বিনোৱা ভাবে
জন্ম ১১ ছেপ্টেম্বৰ, ১৮৯৫
গাগড, কোলাৰ, মহাৰাষ্ট্ৰ
মৃত্যু ১৫ নৱেম্বৰ, ১৯৮২ (৮৭ বছৰ)
পোৱানাৰ, বৰ্দ্ধ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ধৰ্ম হিন্দু

বিনায়ক নৰহৰি "বিনোৱা" ভাবে (মাৰাঠী: विनायक नरहरी भावे); (ইংৰাজী: Archarya Vinoba Bhave) (১৮৯৫-১৯৮২) ভাৰতৰ এজন স্বাধীনতা সংগ্ৰামী, আৰু অহিংসা আৰু মানৱ অধিকাৰ কৰ্মী আছিল। ভূদান আন্দোলনৰ বাবে জনাজাত ভাবেক 'আচাৰ্য' বুলি মতা হৈছিল। মহাত্মা গান্ধীৰ প্ৰধান শিষ্য ভাবেৰ প্ৰতি শ্ৰদ্ধা জনাই ভাৰত চৰকাৰে তেওঁক ১৯৮৩ চনত ভাৰতৰ সৰ্ব্বোচ্চ সন্মান ভাৰত-ৰত্ন প্ৰদান কৰিছিল।[1] ইয়াৰ উপৰি আচাৰ্য বিনোৱা ভাবেই ১৯৫৮ চনত 'ৰমণ মেগছেছে বঁটা' লাভ কৰিছিল। আচাৰ্য বিনোৱা ভাবেই ১৯৮২ চনত অসমৰ ৰাইজক উদ্দেশ্যি কোৱা এষাৰি বাক্য বিশেষভাৱে চৰ্চিত হয়— "অসমীয়াক এটা কথা ক’বা-যেতিয়ালৈকে অসমীয়া‍ই শঙ্কৰ-মাধৱক অনুকৰণ কৰি তেৰাসৱে দেখুৱাই দিয়া পথেদি চলি থাকিব তেতিয়ালৈকে জগতৰ কোনো শক্তিয়েই অসমীয়াক অনিষ্ট কৰিব নোৱাৰিব। কিন্তু যিদিনাই অসমীয়াই নিজেই শঙ্কৰ-মাধৱক পাহৰিব সেইদিনা আৰু জগতৰ কোনো শক্তিয়ে অসমীয়াক নিঃশেষ হোৱাৰ পৰা ৰক্ষা কৰিব নোৱাৰিব।"[উদ্ধৃতিৰ প্ৰয়োজন]

জন্ম আৰু পৰিয়াল

বিনোৱা ভাবেৰ জন্ম হয় ১৮৯৫ চনত মহাৰষ্ট্ৰৰ কোলাৰৰ গেগড গাঁৱৰ এটি ব্ৰাহ্মণ পৰিয়ালত। তেওঁচ প্ৰকৃত নাম আছিল- 'বিনায়ক নৰহৰ ভাবে'। তেওঁৰ পিতৃৰ নাম হৈছে নৰহৰ সম্ভুৰাও ভাবে আৰু মাতৃ আছিল ৰুক্মিণী দেৱী।[1]

শিক্ষা জীৱন

বিনোৱা ভাবে সৰুৰে পৰাই ধৰ্মৰ প্ৰতি অনুৰাগ আছিল আৰু কিতাপ পঢ়াতো এটা অভ্যাসত পৰিণত কৰিছিল। তেওঁ সৰুতেই ভাৰতৰ প্ৰায়বোৰ শ্ৰেষ্ঠ পুথিভঁড়ালৰ কিতাপ পঢ়ি শেষ কৰিছিল। নিয়মিত বাতৰি-কাকত পঢ়াতো তেওঁৰ সৰুকালিতে গঠিত হোৱা অভ্যাসৰ ফল। সৰুকালৰে পৰাই তেওঁ বিনয়ী আৰু মানুহৰ লগত মিলা-মিচা বা আদান-প্ৰদানৰ স্বভাব গঢ়িছিল। তেওঁ পাঠ্যপুথিৰ জীৱন আৰম্ভ কৰিছিল ১৯১০ চনৰ পৰা। কিন্তু তেওঁৰ স্কুলীয়া প্ৰামাণ-পত্ৰসমূহো এদিন জুইত পুৰিছিল। তেওঁ ইণ্টাৰমিডিয়েটলৈ পঢ়ি, বেনাৰসলৈ গৈ সংস্কৃত অধ্যয়নত মনোযোগ দিছিল। তেওঁ মনোযোগ দিছিল মহাৰাষ্ট্ৰৰ ধৰ্মগ্ৰন্থসমূহ কণ্ঠস্থ কৰাত। এফালে তেওঁ যিমান সময় অধ্যয়নত কটাইছিল, আনফালে প্ৰতিদিনে বাৰমাইল পৰ্যন্ত খোজ কঢ়াৰো অভ্যাস কৰিছিল।[1]

কৰ্মজীৱন

বিনোৱা ভাবেই মহাত্মা গান্ধীৰ আদৰ্শৰ প্ৰতি গভীৰ ভাবে আকৃষ্ট হয়। লগে লগে তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰো এগৰাকী নিষ্ঠাবান সৈনিক হিচাপে কাম কৰা প্ৰতিজ্ঞাবদ্ধ হয়। ১৯১৬ চনৰ ৭ জুনত মহাত্মা গান্ধীক কচাৰাব আশ্ৰমত দেখা কৰে আৰু আশ্ৰমৰ বিষয়ে ভালেখিনি কথা আলচ কৰাৰ সুবিধা পায়। তেতিয়াৰে পৰা তেওঁ আশ্ৰমৰ এগৰাকী সভ্য হয় আৰু আশ্ৰমৰ সেৱাত একান্তভাবে নিবিড় হয়। ১৯২১ চনৰ ৪ জানুৱাৰীত চেঠ যমুনালাল বাজাজৰ পৰামৰ্শত স্থাপন কৰা ওৱাৰ্দ্ধাৰ সত্যাগ্ৰহ আশ্ৰমৰে তেওঁ অন্যতম কৰ্মী হৈ পৰে। তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বিশিষ্ট মুক্তি যোদ্ধা আছিল আৰু কেইবাবাৰো কাৰাবৰণ খাটিছিল। তেওঁৰ জীৱনৰ অন্যতম স্বাক্ষৰ হ'ল 'সৰ্বোদয় সমাজ'। এই সৰ্বোদয় সমাজৰ জৰিয়তে তেওঁ ভাৰতত প্ৰেম, শান্তি, ভাতৃত্ব, সত্য আৰু অহিংসাৰ বাণী সিঁচিছিল। তেওঁ ভাৰতৰ বিভিন্ন প্ৰান্তে প্ৰান্তে ঘূৰি জমিদাৰ সকলৰ পৰা মাটি দান লৈ- সেই মাটি জনসেৱাত লগাইছিল। এনে মাটি তেওঁ ১৯৫২ চনৰ ভিতৰত প্ৰায় ৪,৪৩,১৯৪ একৰ আৰু ১৯৫৪ চনৰ জানুৱাৰীলৈ প্ৰায় ২৪,০৭,০২৩ একৰ সংগ্ৰহ কৰিছিল।[1]

পুৰস্কাৰ প্ৰাপ্ত বঁটা

  • ৰমন মেগছেছে বঁটা (১৯৫৮)।
  • ভাৰত-ৰত্ন (১৯৮৩)।
  • বিশ্ৰাম বেদেকাৰৰ দ্বাৰা পৰিচালিত সামাজিক-সংস্কাৰকৰ ওপৰত এখন তথ্যচিত্ৰ 'বিনোবা ভাৱে, দ্য মেন' ১৯৬৩ চনত মুক্তি লাভ কৰে। ইয়াক ভাৰত চৰকাৰৰ চলচ্চিত্ৰ বিভাগে প্ৰযোজনা কৰিছিল। ভাৰতীয় চলচ্চিত্ৰ পৰিচালক সৰ্বোত্তম বদামীয়ে ইয়াৰ পূৰ্বে ১৯৫১ চনত বিনোবা ভাৱেআন এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল।

মৃত্যু

আচাৰ্য বিনোৱা ভাবেৰ পৰলোক প্ৰাপ্তি ঘটে ১৯৮২ চনৰ ১৫ নৱেম্বৰত।

তথ্য সংগ্ৰহ

  1. 1.0 1.1 1.2 1.3 সমীন কলিতা. ভাৰত-ৰত্ন. অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃষ্ঠা. ৭৪,৭৫. 

বাহ্যিক সংযোগ