সমললৈ যাওক

আহোম ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
মিনাক্ষী
টেগ্‌: উলটিওৱা হৈছে ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
82 নং শাৰী: 82 নং শাৰী:
বৰ্তমান সময়ত টাই-আহোম ভাষাটো পুনৰ ব্যবহাৰৰ প্ৰচেষ্টা চলাই থকা হৈছে। [[অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ]]ত টাই-আহোম ভাষাৰ বিষয় উচ্চতৰ মাধ্যমিক কলা শাখাত যোগদান কৰিছে।<ref>Assam Higher Secondary Education Council to include Tai language in HS level as subject[http://www.sentinelassam.com/amp/guwahati-city/assam-higher-secondary-education-council-to-include-tai-language-in-hs-level-as-subject-645531]</ref> আৰু [[ডিব্ৰুগড় বিশ্��বিদ্যালয়]]ত টাই--আহোম ভাষাৰ এবছৰীয়া স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰম আৰু কথিত তিনি মাহৰ চাৰ্টিফিকেট পাঠ্যক্ৰম প্ৰদান কৰা হৈছে।<ref>[https://www.shiksha.com/university/dibrugarh-university-31514/course-diploma-in-tai-language-185089 Dibrugarh University Diploma in Tai Language] </ref>
বৰ্তমান সময়ত টাই-আহোম ভাষাটো পুনৰ ব্যবহাৰৰ প্ৰচেষ্টা চলাই থকা হৈছে। [[অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ]]ত টাই-আহোম ভাষাৰ বিষয় উচ্চতৰ মাধ্যমিক কলা শাখাত যোগদান কৰিছে।<ref>Assam Higher Secondary Education Council to include Tai language in HS level as subject[http://www.sentinelassam.com/amp/guwahati-city/assam-higher-secondary-education-council-to-include-tai-language-in-hs-level-as-subject-645531]</ref> আৰু [[ডিব্ৰুগড় বিশ্ববিদ্যালয়]]ত টাই--আহোম ভাষাৰ এবছৰীয়া স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰম আৰু কথিত তিনি মাহৰ চাৰ্টিফিকেট পাঠ্যক্ৰম প্ৰদান কৰা হৈছে।<ref>[https://www.shiksha.com/university/dibrugarh-university-31514/course-diploma-in-tai-language-185089 Dibrugarh University Diploma in Tai Language] </ref>


==মিনাক্ষী ==
==আহোম লিপি==
{{main|আহোম লিপি}}
{{main|আহোম লিপি}}
[[আহোম লিপি]] সম্ভৱতঃ ইণ্ডিক নাইবা ব্ৰাহ্মী লিপিৰ পৰা উদ্ভৱ হৈছে।<ref name="Diller">Diller, A. (1993). Tai Languages. In ''International Encyclopedia of Linguistics'' (Vol. 4, pp. 128-131). Oxford, UK: Oxford University Press.</ref>
[[আহোম লিপি]] সম্ভৱতঃ ইণ্ডিক নাইবা ব্ৰাহ্মী লিপিৰ পৰা উদ্ভৱ হৈছে।<ref name="Diller">Diller, A. (1993). Tai Languages. In ''International Encyclopedia of Linguistics'' (Vol. 4, pp. 128-131). Oxford, UK: Oxford University Press.</ref>

15:00, 29 May 2024ৰ সংস্কৰণ

টাই-আহোম ভাষা
𑜁𑜪𑜨 𑜄𑜩 𑜒𑜑𑜪𑜨
খ্ৱম টাই আহোম
থলুৱা অঞ্চল অসম
অঞ্চল অসম, অৰুণাচল
জাতীয়তা আহোম জনগোষ্ঠী
স্থানীয় ভাষিক

পৰম্পৰাগত লোকাচাৰ, ধৰ্মীয় কাৰ্য, বুৰঞ্জী অধ্যয়ন আৰু শৈক্ষিক পাঠ্যক্ৰম আদিত ব্যৱহৃত।
ভাষা পৰিয়াল
ক্ৰাদাই
  • টাই
    • দক্ষিণ-পশ্চিম (থাই)
      • উত্তৰ-পশ্চিম
        • টাই-আহোম ভাষা
          𑜁𑜪𑜨 𑜄𑜩 𑜒𑜑𑜪𑜨
লিখন প্ৰণালী আহোম লিপি
ভাষা সংকেত
ISO 639-3 aho
গ্লোটোলগ ahom1240[1]

টাই আহোম ভাষা বা খ্ৱম টাই আহোম (আহোম: 𑜁𑜪𑜨 𑜄𑜩 𑜒𑜑𑜪𑜨, থাই ভাষা: ภาษา ไทอาหม, ইংৰাজী: Ahom language) অসম আৰু অৰুণাচলৰ আহোম জনগোষ্ঠীৰ লোকসকলে ব্যৱহাৰ কৰা একপ্ৰকাৰৰ টাই ভাষা যাৰ লিপি টাই লে' বা দেহঙ দাই সকলৰ পৰা বিকাশ ঘটা বুলি ধৰা হয়। এই ভাষাক দক্ষিণ-পশ্চিম মূলৰ টাই ভাষাসমূহৰ উত্তৰ-পশ্চিমীয়া ভাগ (ত্টাই ক্ৰা-দাঈ)ত পেলাব পাৰি। শ্যান আৰু খামটি ভাষাৰ দৰে দক্ষিণ পূব এছিয়াৰ অইন টাই ভাষাসমূহৰ সৈতে আহোম ভাষাৰ নিকটতম সাদৃশ্য থকাৰ লগতে থাই ভাষাৰ সৈতেও ইয়াৰ কিছু মিল দেখা যায়।

বৈশিষ্ট্যসমূহ

অসমৰ আহোম শাসকসকল বৃহত্তৰ অসমীয়া জাতিৰ সৈতে মিলি যোৱাৰ ফলত ১৯ শতিকাৰ সময়ছোৱালৈ আহোম ভাষাৰ ঠাইত অসমীয়াই কথিত ভাষাৰ স্থান দখল কৰে। ২০০০ চনৰ হিচাপ মতে প্ৰায় ২০০ গৰাকী আহোম ম'-লৌঙ সম্প্ৰদায়ৰ লোকেহে এই ভাষা জানে আৰু বিভিন্ন পৰম্পৰাগত আচাৰত আহোম ভাষাৰ ব্যৱহাৰ কৰা হয়। বৰ্তমান আহোম ভাষাৰ প্ৰচলন বৰ কাকত ম'-হুং নামেৰে জনাজাত আহোম-অসমীয়া অভিধান পুথি আহোম সাম্ৰাজ্যত ব্যৱহৃত আহোম ভাষাৰ ৰূপটো সংৰক্ষিত অৱস্থাত আছে।[2] আহোম ভাষা তুলনামূলকভাৱে মন-খমেৰ আৰু আৰ্য-ভাৰতীয় ভাষাৰ প্ৰভাৱৰ পৰা মুক্ত। ত্ৰয়োদশ শতিকাৰ পৰাই এই ভাষাৰ লেখনৰ পৰম্পৰা আছিল। আহোম ভাষাই অসমৰ একমাত্ৰ ভাষিক লিপি যি স্বাধীনভাৱে উনিকদত স্থান লাভ কৰিবলৈ সক্ষম হৈছে, আধুনিক প্ৰচলিত টাই ভাষা যেনে শ্যান, খামটি, আইটন আদিৰ সৈতে আহোম ভাষাৰ মিল আছে আৰু বৰ্ণমালা হিচাপে আহোম ভাষা এই আটাইকেইটা ভাষাতকৈ চহকী।[3] আহোম ভাষাৰ নিজস্ব লিপি আছে আৰু আন টাই ভাষাসমূহৰ দৰে ইয়াৰ কিছুমান অনন্য বৈশিষ্ট্য আছে:

  • বাক্যবিন্যাস সাধাৰণতে কৰ্ত্তা ক্ৰিয়া কৰ্ম/ কৰ্ত্তা কৰ্ম ক্ৰিয়া এইধৰণে হয়।[4][5]
  • স্বৰ।[4][5][6]
  • উচ্চাৰণ অনুসৰি একেটা কথাতে কেইবাটাও অৰ্থ হয়। [4][5][6][7]
  • শব্দ যেনে ক্ৰিয়াবাচক শব্দৰ ৰূপান্তৰ নহয়।[4][6]
  • বিশ্লেষণাত্মক বাক্য ৰচনা[5]

অসমীয়া ভাষালৈ অবদান

আহোম ভাষাই অসমীয়া ভাষাক অধিক চহকী কৰি তুলিছিল।[8] তাৰে দুটামান উদাহৰণ হল:

আহোম ভাষা অসমীয়া ভাষা
কাই ককাই
কা-ৰৌণ কাৰেং
বাউ-ৰণ-জি বুৰঞ্জী, বৌৰঞ্জী
খি-লন-জি[8] খিলঞ্জীয়া (থলুৱা)
লাও লাও (সুৰা)
ফুক ফুক(মন্ত্ৰ মতা)
ৰাপ ৰাপ(আগ্ৰহ)
ক্ষীণ ক্ষীণ
চ-ক্লঙ চ-ক্লং
চাংমাই (ৰান্ধনি) চাংমাই (উপাধি)
চাও-দাং চাও-দাং
চক চোকা
মক জমক
কাই-কি-নি কাকিনি (তামোল)
মাম মাম(ভাত)
লিক-চৌ লিক-চৌ (লগুৱা)

ইতিহাস

টাই-কড়াই পৰিয়ালৰ অন্তৰ্গত (সম্ভৱতঃ অষ্ট্ৰ’নেচিয়ান ভাষাৰ সৈতে সম্পৰ্কিত)[5] কাম-টাই ঠালৰ[7] (প্ৰস্তাৱিত কিন্তু দ্বিমত থকা) ২০০০ বছৰ পুৰণি প্ৰ’ট’-টাই ভাষাৰ[6][7] পৰা আহোম ভাষাৰ উৎপত্তি হোৱা বুলি ঠাৱৰ কৰা হৈছে। অৱশ্যে কিছু লোকৰ মতে টাই ভাষাসমূহ এক ভিন্ন পৰিয়ালৰ আৰু ইহঁত টাই-কড়াইৰ অংশ নহয়।[6]

আহোম লোকসকল আৰু তেওঁলোকৰ ভাষাৰ মূল ঠাই হৈছে বৃহত্তৰ চীনৰ য়ুনান আৰু তেওঁলোকে উত্তৰ ভিয়েটনাম আৰু গুৱেংজি প্ৰদেশৰ সীমান্তৰ পৰা[6] দক্ষিণ-পূব এচিয় অৱবাহিকা আৰু উত্তৰ বাৰ্মালৈ পৰিব্ৰাজন কৰিছিল। আহোম ৰাজত্বকালত (১২২৮-১৮২৬) অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত কথিত ৰূপত আহোম ভাষাৰ ব্যৱহাৰ কৰা হৈছিল।[4] ১৫-১৬ শতিকাত আহোম ৰাজসভাত কেৱল আহোম ভাষাৰ ব্যৱহাৰ হৈছিল। পিছলৈ অসমীয়া ভাষায়ো ৰাজসভাত স্থান পায় আৰু ১৯ শতিকালৈ আহোম ভাষা এলাগী হৈ পৰে।[7] বৰ্তমান পাৰম্পৰিক আচাৰ-উৎসৱত যেনে চকলং, পূজা-পাতল আদিতহে এই ভাষা ব্যৱহাৰ কৰা হয়।[4]

বৰ্তমান ব্যবহাৰ

বৰ্তমান সময়ত টাই-আহোম ভাষাটো পুনৰ ব্যবহাৰৰ প্ৰচেষ্টা চলাই থকা হৈছে। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত টাই-আহোম ভাষাৰ বিষয় উচ্চতৰ মাধ্যমিক কলা শাখাত যোগদান কৰিছে।[9] আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত টাই--আহোম ভাষাৰ এবছৰীয়া স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰম আৰু কথিত তিনি মাহৰ চাৰ্টিফিকেট পাঠ্যক্ৰম প্ৰদান কৰা হৈছে।[10]

মিনাক্ষী

আহোম লিপি সম্ভৱতঃ ইণ্ডিক নাইবা ব্ৰাহ্মী লিপিৰ পৰা উদ্ভৱ হৈছে।[4] ২০১৫ চনৰ জুনত আহোম লিপিক ইউনিকোডত (৮.০ সংস্কৰণ) স্থান দিয়া হয়।[11]

আহোম[1][2]
আনুষ্ঠানিক কনছ'ৰ্টিয়াম কোড চাৰ্ট (PDF)
  0 1 2 3 4 5 6 7 8 9 A B C D E F
U+1170x 𑜀 𑜁 𑜂 𑜃 𑜄 𑜅 𑜆 𑜇 𑜈 𑜉 𑜊 𑜋 𑜌 𑜍 𑜎 𑜏
U+1171x 𑜐 𑜑 𑜒 𑜓 𑜔 𑜕 𑜖 𑜗 𑜘 𑜙 𑜝 𑜞 𑜟
U+1172x 𑜠 𑜡 𑜢 𑜣 𑜤 𑜥 𑜦 𑜧 𑜨 𑜩 𑜪 𑜫
U+1173x 𑜰 𑜱 𑜲 𑜳 𑜴 𑜵 𑜶 𑜷 𑜸 𑜹 𑜺 𑜻 𑜼 𑜽 𑜾 𑜿
বি. দ্ৰ.
১.^ ইউনিক'ড সংস্কৰণ ৮.০ অনুসৰি
২.^ ধূসৰ এলেকাই অনিৰ্ধাৰিত স্থান বুজাইছে

তথ্য সংগ্ৰহ

  1. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Ahom". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/ahom1240. 
  2. দেওধাই ফুকন,বৰুৱা, বি,এন এন (১৯৬৪) (আহোম ভাষা, ইংৰাজী, অসমীয়া ভাষাত). আহোম লেগজিকন. ঐতিহাসিক আৰু প্ৰাচীন গ্ৰন্থ অধ্যয়ন বিভাগ, অসম চৰকাৰ. 
  3. আহোম প্ৰাইমাৰ. বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, অসম চৰকাৰ. ২০১০. পৃষ্ঠা. ১০. 
  4. 4.0 4.1 4.2 4.3 4.4 4.5 4.6 Diller, A. (1993). Tai Languages. In International Encyclopedia of Linguistics (Vol. 4, pp. 128-131). Oxford, UK: Oxford University Press.
  5. 5.0 5.1 5.2 5.3 5.4 Blake, B. J. (1994). Language Classification. In The Encyclopedia of Language and Linguistics (Vol. 4, pp. 1952-1957). New York, NY: Pergamon Press Press.
  6. 6.0 6.1 6.2 6.3 6.4 6.5 French, M. A. (1994). Tai Languages. In The Encyclopedia of Language and Linguistics (Vol. 4, pp. 4520-4521). New York, NY: Pergamon Press Press.
  7. 7.0 7.1 7.2 7.3 Hongladarom, K. (2005). Thai and Tai Languages. In Encyclopedia of linguistics (Vol. 2, pp. 1098-1101). New York, NY: Fitzroy Dearborn.
  8. 8.0 8.1 The Tai Ahom Language in Assam : Language Shift and The Process of Socio-Cultural Assimilation — Dr. Anita konwar, Asst. Professor, Donation, Cheraidoi 
  9. Assam Higher Secondary Education Council to include Tai language in HS level as subject[1]
  10. Dibrugarh University Diploma in Tai Language
  11. http://www.unicode.org/charts/PDF/U11700.pdf

বাহ্যিক সংযোগ

  1. ইংৰাজীৰ পৰা আহোমলৈ অনলাইন অভিধান - গ্ল'চবে