সমললৈ যাওক

চজিনা

অসমীয়া ৱিকিপিডিয়াৰ পৰা



Moringa oleifera / চজিনা
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Brassicales
পৰিয়াল: Moringaceae
গণ: Moringa
প্ৰজাতি: M. oleifera
বৈজ্ঞানিক নাম
Moringa oleifera

চজিনা (Moringa oleifera Lam ) প্ৰায় ২৫/৩০ ফুট ওখ চনকা ডালৰ এজোপা গছ ৷ ইয়াৰ পাতবোৰ অধোমুখী আৰু ডিম্বাকাৰ ৷ শীতকালত পাত সৰি লঠঙা হয় আৰু বসন্তৰ আগমনৰ লগে লগে ফুলৰ লগতে পাতো ওলাবলৈ ধৰে। ইয়াৰ ফল (ছেঁই)বোৰ বৰ পুষ্টিকৰ ব্যঞ্জন আৰু সুস্বাদু। ইয়াৰ ফল আৰু পাত দুয়োটাকে পাচলি হিচাপে ব্যৱহাৰ কৰা হয়।

ঔষধি গুণ[সম্পাদনা কৰক]

  1. চজিনাৰ কোমল পাত শাক হিচাবে বসন্ত কালত খালে বসন্ত ৰোগৰপৰা হাত সাৰি থাকিব পাৰি । তদুপৰি পানীলগা জ্বৰ, কাহ, যকৃত ৰোগ, কৃমি ৰোগত ইয়াক ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।[চিকিৎসা-বৈজ্ঞানিক উদ্ধৃতিৰ প্ৰয়োজন]
  2. চজিনাৰ শিপাৰ ২৫ গ্ৰাম ৰস সম পৰিমানৰ মৌৰ লগত মিহলি কৰি খালে শৰীৰৰ ভিতৰত হোৱা ফোঁহা নষ্ট হয়।[চিকিৎসা-বৈজ্ঞানিক উদ্ধৃতিৰ প্ৰয়োজন]
  3. কোনো আঘাতৰ ফলত শৰীৰৰ কোনো ঠাই ফুলি উঠি বিষ হ’লে চজিনাৰ পাত পিহি অকণমান গৰম কৰি লেপন দিলে আৰাম পোৱা যায়।[চিকিৎসা-বৈজ্ঞানিক উদ্ধৃতিৰ প্ৰয়োজন]
  4. উশাহ-নিশাহৰ অসুখ যেনে- ব্ৰংকাইটিছ, এজমা, যক্ষ্মা আদি ৰোগৰ বাবে চজিনা সু-পথ্য।[চিকিৎসা-বৈজ্ঞানিক উদ্ধৃতিৰ প্ৰয়োজন]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]