সমললৈ যাওক

১০ জুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
 ৩০   

১০ জুন (ইংৰাজী: 10 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬১তম (অধিবৰ্ষত ১৬২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২০৪টা দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৬১০- গেলিলিঅ’ গেলিলিয়ে শনি গ্ৰহৰ দ্বিতীয় আঙুঠি বা চক্ৰ আৱিষ্কাৰ কৰিছিল।
  • ১৭৫২- বেঞ্জামিন ফ্ৰেংকলিনে চিলা উৰুৱাই বজ্ৰ বা বিজুলীৰ পৰা বিদ্যুৎ আহৰণ কৰিবলৈ সক্ষম হৈছিল।
  • ১৮৯০ - চনত আজি দিনটো দেওবাৰ আছিল, সেই দিনাৰ পৰাই ভাৰতত সাপ্তাহিক ছুটীৰ বাৰ হিচাপে দেওবাৰ নিৰ্ধাৰণ কৰা হৈছিল।
  • ১৯৭২- ভাৰতৰ প্ৰথম শীত-তাপ নিয়ন্ত্ৰিত যাত্ৰীবাহী জাহাজ হৰ্ষবৰ্ধনে সমুদ্ৰযাত্ৰা কৰিছিল।

জন্ম[সম্পাদনা কৰক]

  • ১৮৩২ - নিক'লাছ অট্ট', জাৰ্মান অভিযন্তা, পেট্ৰলিয়াম গেছৰ সহায়ত চলা প্ৰথম ফ'ৰ ষ্ট্ৰ'ক ইঞ্জিনৰ নিৰ্মাতা। (মৃ: ১৮৯১)
  • ১৮৮৫ - পীতাম্বৰ দেৱগোস্বামী, গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ।
  • ১৯৪৬ - দাৰা আহমেদ, অসমীয়া চলচ্চিত্ৰ পৰিচালক, তথ্যচিত্ৰ, দূৰদৰ্শনৰ ধাৰাবাহিক তথা টেলিফিল্ম নিৰ্মাতা।
  • ১৯৫৫ - প্ৰকাশ পাডুকন, ভাৰতীয় বেডমিণ্টন খেলুৱৈ।
  • ১৯৬১ - সিদ্ধাৰ্থ ভট্টাচাৰ্য, অসমৰ ৰাজনীতিবিদ।
  • ১৯৮১ - আলবি মৰকেল, দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট খেলুৱৈ।
  • ১৯৮১ - দেৱেন্দ্ৰ ঝাঝাৰীয়া, ভাৰতীয় পেৰালিম্পিক জেভলীন থ্ৰ' খেলুৱৈ।
  • ১৯৮৯ - ডেভিড মিলাৰ, দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট খেলুৱৈ।
  • ২০০০ - মালাৱাত পূৰ্ণা, ভাৰতীয় পৰ্বতাৰোহী।

মৃত্যু[সম্পাদনা কৰক]

  • ৩২৩ খ্ৰীষ্টপূৰ্ব - মহাবীৰ আলেকজেণ্ডাৰ, গ্ৰীচৰ (মেচিড'নিয়াৰ) ৰজা। (১০ জুন বা ১১ জুনত মৃত্যু হৈছিল। জন্ম: ৩৫৬ খ্ৰীষ্টপূৰ্ব)
  • ১৮৩৬ - আণ্ড্ৰে মেৰি এম্পিয়েৰ, ফৰাচী পদাৰ্থবিজ্ঞানী, বিদ্যুৎ প্ৰবাহৰ এছ. আই. একক এম্পিয়াৰ(A) তেখেতৰ নামত দিয়া হৈছে। (জঃ ১৭৭৫)
  • ২০১৯ - গিৰীশ কৰ্ণাড, ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক, কন্নড় লেখক, নাট্যকাৰ, চিত্ৰ্যনাট্যকাৰ আৰু ৰোডছ স্কলাৰ।
  • ২০২১ - বুদ্ধদেৱ দাসগুপ্ত, ভাৰতীয় কবি, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ-নিৰ্মাতা।

দিৱস[সম্পাদনা কৰক]

  • পৰ্টুগাল দিৱস।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]