২৪ জুন (ইংৰাজী: 24 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭৫তম (অধিবৰ্ষত ১৭৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯০টা দিন বাকী থাকে।
- ১২০৬ - কটুবুদ্দিন দিল্লীৰ চুলতান হয়। দিল্লীত চুলতানী শাসনৰ সূচনা হয়। উল্লেখ্য যে জীৱনৰ প্ৰথমচোৱা কুটুবুদ্দিন আছিল মহম্মদ ঘোৰীৰ ক্ৰীতদাস।
- ১৯৬৩ - ভাৰতত প্ৰথম টেলেক্স সেৱা আৰম্ভ হয়।
- ১৯৭৬ - ভিয়েটনাম যুদ্ধৰ অৱসান হয়। উত্তৰ আৰু দক্ষিণ ভিয়েটনাম লগ হৈ গঠন ছ’চিয়েলিষ্ট ৰিপাব্লিক অৱ ভিয়েটনাম বা ভিয়েটনাম ৰাষ্ট্ৰ।
- ১৯৮৪ - কানাড়া সাহিত্যিক মাস্তি ভেংকটেশ আয়েংগাৰলৈ ১৯৮৩ চনৰ ভাৰতীয় জ্ঞানপীঠ বঁটা আগবঢ়োৱা হয়।
- ২০১১ - ভাৰত চৰকাৰৰ গৃহমন্ত্ৰালয়ৰ কাৰ্যালয়ত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয় আৰু বহুতো নথি পত্ৰ জুইত জাহ যায়।
- ২০১১ - দেশৰ নতুন গৃহ সচিব ৰূপে আৰ কে সিঙে দায়িত্ব লয়।
- ২০১২ - উজনি অসমত বানৰ তাণ্ডৱত ১০জন লোকৰ মৃত্যু হৈছিল।
- ২০১২ - শিৱসাগৰ জিলাত এনকেফেলাইটিছ ৰোগৰ ভয়াবহ আক্ৰমণৰ ফলত ৫ জনৰ মৃত্যু আৰু বহু লোক আক্ৰান্ত হয়।
- ২০১২ - এনকেফেলাইটিছ ৰোগত অসমৰ লগতে বিহাৰ আৰু উত্তৰপ্ৰদেশতো ২০০ তকৈও অধিকলোকৰ মৃত্যু হয়।
- ২০২৪ - ৰিয়ান পৰাগ ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথম অসমীয়া পুৰুষ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। [1]
- ১৮৬৯ - দামোদৰ হৰি ছাপেৰকাৰ, ভাৰতীয় সশস্ত্ৰ বিপ্লৱী।
- ১৮৮৫ - তাৰা সিং, ভাৰতীয় শিখ ৰাজনীতিবিদ আৰু ধৰ্মীয় নেতা।
- ১৮৯৩ - ৰয় ডিজনী, আমেৰিকান চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যকাৰ, কণ্ঠ অভিনেতা, এনিমেটৰ, উদ্যোগী।
- ১৮৯৭ - ওঙ্কাৰনাথ ঠাকুৰ, ভাৰতীয় সংগীত শিল্পী।
- ১৯৩৭ - অনিতা দেশাই বা অনিতা মজুমদাৰ, ভাৰতীয় ঔপন্যাসিকা আৰু মাচাচুচেট্ছ ইন্ষ্টিটিউট অৱ টেক্ন'ল'জীৰ হিউমেনিটী বিষয়ৰ এমাৰিটাজন ই বুৰ্চাৰ্ড অধ্যাপিকা, ১৯৭৮ চনত Fire on the Mountain উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল, The Village by the Sea উপন্যাসৰ বাবে ব্ৰিটিছ গাৰ্ডিয়ান বঁটা লাভ কৰিছিল।
- ১৯৬৬ - বিজয়াশান্তি, ভাৰতীয় অভিনেত্ৰী, প্ৰযোজক আৰু ৰাজনীতিবিদ।
- ১৯৮৭- লিঅ'নেল মেছি, আৰ্জেণ্টিনাৰ ফুটবল খেলুৱৈ।